ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠন মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত শিৱসাগৰ জিলাৰ চৰকাৰী বিদ্যালয়সমূহত উপহাৰ প্ৰদান ঃ

২০০৪ চনৰ পৰা দুখীয়া নিচলা লোকক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে মেধাৱী ছাত্ৰ-ছাত্ৰীক , ধেমাজিৰ সামাজিক স্বেচ্ছাসেৱী সংগঠন মনালিছা আৰ্ট একাডেমীয়ে উৎসাহিত কৰি আহিছে । কিছুদিন পূৰ্বে মৰাণৰ ফটিকাছোৱা অভয়াপূৰীয়া মজলীয়া ,চেপন আৰু কাছমাৰী বিদ্যালয় সমূহত মেধাৱী ছাত্ৰ-ছাত্ৰীক আৰু প্ৰতিখন বিদ্যালয়ত উপহাৰ প্ৰদান কৰা হয় । পৰবৰ্তি কাৰ্যসূচী ধেমাজী জিলাৰ দুখীয়া /মগনীয়া আৰু বিশেষভাৱে সক্ষমলোকক কম্বল,খাদ্যসামগ্ৰী আৰু টকা বিতৰণ কৰা হয়
।আজি শিৱসাগৰ জিলা ৰ চৰকাৰী বিদ্যালয় ত উপহাৰ প্ৰদান কৰে । ৪৩৮নং দেওজান প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষয়িত্ৰী ভাৰতী সন্দিকৈ মনালিছা আৰ্ট একাডেমী ৰ অধ্যক্ষ তথা স্বেচ্ছাসেৱী সংগঠনৰ সম্পাদক ড° প্ৰণৱ দিহিঙ্গীয়া ই সম্বৰ্ধনা আগবঢ়ায় । বিদ্যালয়ৰ সহঃ শিক্ষক ক্ৰমে আইবুদ্দিন আহমেদ ,হৰেণ কোঁৱৰ ,ৰেজমি বেগম,মন্দিৰা ভূঞা ,প্ৰশান্ত গগৈ আৰু চাহানা আজমিন ৰ নেতৃত্ত্বত ছাত্ৰ-ছাত্ৰীসকলে সুন্দৰ গীত পৰিৱেশনৰ লগতে কবিতা আবৃত্তি কৰে । ৩৫০নং বাঁহগড় প্ৰাথমিক বিদ্যালয় ৰ প্ৰধান শিক্ষয়িত্ৰী অনুৰাধা সন্দিকৈ সম্বৰ্ধনা জনোৱা হয় ।সহঃশিক্ষক ক্ৰমে জ্ঞানজ্যোতি চুতিয়া ,ডিম্পল নেওগ ,পূৰ্ণিমা গোহাই আৰু কল্যান কুমাৰ দত্ত ৰ নেতৃত্তত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সুন্দৰ গীত,নৃত্য আৰু কবিতা আবৃত্তি কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ লগতে অনুস্থানটিৰ সৌস্থৱ বৃদ্ধি কৰে । প্ৰতিখন বিদ্যালয়ৰ প্ৰতিটো শ্ৰেণীকোঠাৰ মধাৱী ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ মানসেৰে উপহাৰ প্ৰদান কৰা হয় । মেধাৱী আৰু প্ৰতিভাসন্ধানী শিতানত অনুস্থানটি সহযোগিতা আগবঢ়ায় বিদ্যালয়ৰ শিক্ষকবৃন্দ আৰু স্বেচ্ছাসেৱী সংগঠন মনালিছা আৰ্ট একাডেমীৰ সদস্য ক্ৰমে পল্লৱ গগৈ ,টঙ্কেশ্বৰ চিণ্টে,অৱিনাচ চিণ্টে আৰু ৰাজ কাৰ্দং ।বিদ্যালয়সমূহলৈ একোটাকৈ দেৱাল ঘড়ী,নিউজ লেটাৰ,একাডেমীৰ ৰঙীন কেলেণ্ডাৰ আগবঢ়োৱা হয় ।অনুস্থানৰ সচিৱ ড° প্ৰণৱ দিহিঙ্গীয়াই ছাত্ৰ=ছাত্ৰীৰ উপযোগী হোৱাকৈ চিত্ৰকলাৰ পাঠদান কৰে আৰু সদৰি কয় যে -আগন্তুক কাৰ্যসূচী তথা পৰিকল্পনা ভিন্ন জিলাসমূহলৈ গৈ সহায়ৰ হাত আগবঢ়োৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *