আজি ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠন *মনালিছা আৰ্ট একাডেমী* ৰ উদ্যোগত এনে ব্যক্তিক সহায়ৰ হাত আগবঢ়োৱা হয় যি গৰাকী শাৰীৰিকভাৱে কিছু বাধাৰ সন্মুখীন হয় যদিও অংগ সঞ্চালনত অসুবিধা, কিন্তু তেখেতৰ প্ৰতিভা আৰু জীৱনৰ লক্ষ্য পূৰণৰ হেঙাৰ হ’ব নোৱাৰে; বহু ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আনৰ বাবেও আদৰ্শ হৈ পৰে ।সৎসাহসী কৰ্মস্পৃহা মনোভাৱেৰে জীৱন যুঁজত বৰ্তী হোৱা দুগুণ উৎসাহেৰে সময়ৰ সতে খোজ মিলাই আগুৱাই যাব বিচৰা *সত্যজিৎ ফুকন* ডাঙৰীয়াক মনালিছা আৰ্ট একাডেমীৰ অধ্যক্ষ তথা সংগঠনৰ সম্পাদক *ড° প্ৰণৱ দিহিঙ্গীয়া* ই চোলা,কম্বল,নগদ ধন,আৰু খাদ্যসামগ্ৰী যোগান ধৰে স্বেচ্ছাসেৱী সংগঠন মনালিছা আৰ্ট একাডেমীৰ সদস্য *বিদ্যুত বড়া* ই সহযোগিতা আগবঢ়ায় ।ধেমাজিৰ উপায়ুক্ত কায্যালয়ৰ সমীপত থকা সৰু এখন চাহ দোকানেৰে এটি পৰিয়াল পুহপাল দি আহিছে । শৰীৰৰ কথা চিন্তা নকৰি নিজৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিবলৈ সদায়ে উদ্যত থকা ফুকন ডাঙৰীয়াৰ সাহসীকতা অতুলনীয় । *ড° প্ৰণৱ দিহিঙ্গীয়া* ই সকলোলৈ এটি সৰল প্ৰাৰ্থনা জনাইছে পাৰ্যমানে এনেলোকক সহায়ৰ হাত আগবঢ়াৱক যিজন ব্যক্তিয়ে হাত আৰু ভৰিৰে কোনো কাম কৰিবলৈ সক্ষম নহয় ৰাইজৰ সহায়ে তেওক কিছু সকাহ দিব ।কিছুদিন পূৰ্বে ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠন *মনালিছা আৰ্ট একাডেমীৰ* উদ্যোগত দুখীয়া- নিচলা লোকসকলক জাৰৰ পৰা হাত হাৰিবলৈ কম্বল আৰু খাদ্যসামগ্ৰী প্ৰদান কৰে ।২০০৪ চনৰে পৰা নিৰীহজনৰ হিতাৰ্থে বহু কাৰ্যসূচীৰে কাম কৰি অহা সংগঠনৰ আগুন্তুক পৰিকল্পনাৰ বিষয়ে সদৰি কয় ।