ড° প্ৰণৱ দিহিঙ্গীয়াৰ জন্মদিন ৰ লগত সঙ্গতি ৰাখি ৰাজ্যিক ভিত্তিত ঘৰত ছাত্ৰ-ছাত্ৰসকলৰ মাজত হাতেৰে তৈয়াৰ কৰা কেলেণ্ডাৰ আৰু ঠিতাতে ছবি অঁকা প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ।উক্ত প্ৰতিযোগিতাত ১০০ অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । থিতাতে ছবি অঁকা প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে ক,খ,আৰু গ শাখাত বিভক্ত কৰা হয় ।ক) শাখাৰ প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ১)একাঞ্চ ৰাঠী ২)ৰিয়ান গগৈ ৩)উদেস্না সিন্থা
খ)শাখাৰ প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে:- ১)বিৰাজ কুমাৰ দাস ২)জহৰ জ্যোতি চিণ্টে ৩)লক্ষজিৎ মিলি
গ)শাখাৰ প্ৰথম ,দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে :- ১)বিন্দাচ পাৱ ,২)জোচেফ দলে আৰু ৩) অবিনাস চিণ্টে
কেলেণ্ডাৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে জোচেফ দলে দ্বিতীয় স্থান লাভ কৰে বিন্দাচ পাৱ আৰু তৃতীয় স্থান লাভ কৰে ৰবিন চন্দ্ৰ বৰ্মন ।স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰমান পত্ৰৰ লগত কম্পাচ , কলম আৰু ড° প্ৰণৱ দিহিঙ্গীয়া বঁটা আগবঢ়োৱা হয়। মনালিছা আৰ্ট একাডেমীৰ তৰফৰ পৰা সকলো ছাত্ৰ-ছাত্ৰীক ইংৰাজী নবৱৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগতে একোখনকৈ ৰঙীন কেলেণ্ডাৰ আগবঢ়োৱা হয় ।অনুস্থানটিত গীত,নৃত্য,বক্তৃতা আৰু ব্যায়াম প্ৰদৰ্শন কৰে ক্ৰমে নেইলিনা চেতিয়া ,দিক্ষীতা গগৈ ,ৰিয়ান গগৈ,ডেভিদ নৰহ,জাৰগোম আয়ান চন্দী , ৰবিন চন্দ্ৰ বৰ্মন ,একাঞ্চ ৰাঠী , নেৰিনা কোছ আৰু নেইলিনা চেতিয়াই ।