ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠন মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত বিভিন্ন জিলাত সামাজিক কাৰ্যসূচী সমাপন

২০০৪ চনৰে পৰা ভিন্ন কাৰ্যসূচীৰে আৰ্তজনক সহায়ৰ হাত আগবঢ়োৱা ধেমাজিৰ স্বেচ্ছাসেৱী সংগঠন একমাত্ৰ মনালিছা আৰ্ট একাডেমীৰ উদ্যোগত বিভিন্ন জিলাত সামাজিক কাৰ্যসূচী কৰি আজি ধেমাজি জিলাৰ দৰিদ্ৰ সীমাৰেখাৰ (পদপথৰ ভিক্ষাৰী)লোকসকলক ঠাণ্ডাদিনত ব্যৱহাৰ কৰিব পৰা কাপোৰ আৰু খাদ্যসামগ্ৰী বিতৰণ কৰে । আৰ্তজনৰ দুখৰ সমভাগী হৈ ড° প্ৰণৱ দিহিঙ্গীয়াই ভৱিষ্যতে সামৰ্থনুযায়ী সহায় আগবঢ়ায় যাব বুলি সদৰি কয় । উক্ত অনুস্থানত সম্পাদক ড° প্ৰণৱ দিহিঙ্গীয়া আৰু সংগঠনৰ সদস্যা ডিম্পী শৰ্মা সহায় আগবঢ়ায় ।কিছুদিন পূৰ্বে ডিব্ৰুগড় জিলা আৰু মৰাণৰ বিদ্যালয়সমূহত দুখীয়া নিচলা,মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলক যাবতীয় সামগ্ৰী প্ৰদান কৰি সহায়ৰ হাত আগবঢ়োৱা হয়। মনালিছা আৰ্ট একাডেমীৰ পৰবৰ্তী কাৰ্যসূচী শিৱসাগৰ জিলাৰ বিদ্যালয়সমূহত মেধাৱী ছাত্ৰ -ছাত্ৰীক আলোচনী,কিতাপ বহী,কলম,কাপোৰ আদি বিতৰণ কৰা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *